accessibilty toolbox
color contrast
text size
highlighting more content
zoom in

আজিৰ পৃথিৱীত ইজনে সিজনৰ লগত যোগাযোগৰ বহুতো উপায় আছে আৰু ই-মেইল ইয়াৰ ভিতৰত অন্যতম। নিশ্চিত ভাৱে সকলোৰে অন্ততঃ এটা মেইল একাউণ্ট থাকিব। বিভিন্ন ধৰণৰ মেইল সেৱা প্ৰদানকাৰী আছে, তাৰে কিছুমান বিনামূলীয়া আৰু কিছুমান ধনৰ বিনিময়ত কৰে। প্ৰয়োজনীয়তা আৰু আৱশ্যকতাৰ  ওপৰত ভিত্তি কৰি এজনৰ একাধিক ইমেইল একাউণ্ট থাকিব পাৰে যেনে এটা ব্যক্তিগত ব্যৱহাৰৰ বাবে, দ্বিতীয়টো চৰকাৰী ব্যৱহাৰৰ বাবে আৰু আন কিছুমান বিবিধ উদ্দেশ্যৰ বাবে।

একাধিক কামৰ বাবে একাধিক ই-মেইল একাউণ্ট ব্যৱহাৰ কৰাটো নিঃসন্দেহে এটা ভাল অভ্যাস কিন্তু তেওঁলোকৰ একাউণ্টৰ সৈতে জড়িত সুৰক্ষা সমস্যাসমূহৰ বিষয়েও চিন্তিত হোৱা উচিত।

ইমেইল সুৰক্ষা হৈছে ইমেইল আৰু ইমেইল ব্যৱস্থাপ্ৰণালীৰ গোপনীয়তা, অখণ্ডতা আৰু উপলব্ধতা সুৰক্ষিত কৰাৰ প্ৰক্ৰিয়া।